ৰাতিৰাতি-বিয়লি

ৰাতি বিহু (Assamese) [ Roman: ra.ti bi.hu]
Contributed by: Partha P Sarmah on 2011-04-08
1. Festival(Abstract Noun) a Bihu celebrated in the rice fields during the night just before the Bohag Bihu. In line with the fertility cult, it was believed that erotic songs and dances performed by the young boys and girls in the paddy field will increase the productivity of the land. ব’হাগ বিহুৰ আগতে (ব’হাগ বিহুৰ উৰুকাৰ দিনলৈকে) চ’ত মাহত গাঁৱৰ সকলো ডেকা-গাভৰুৱে সন্ধিয়াৰ পৰা ৰাতিলৈকে শস্য পথাৰৰ মাজত কোনোবা গছৰ তলত মৰা বিহু৷ যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে যৌনগন্ধী গীত গাই পথাৰত নৃত্য কৰিলে পথাৰৰ উৰ্বৰা শক্তি বাঢ়ে বুলি ভবা জনবিশ্বাসৰ বাবে মাটিৰ উৰ্বৰা শক্তি বঢ়াবলৈ ডেকা-গাভৰুৱে এই বিহু মাৰিছিল৷ডেকা-গাভৰুৱে বয়সস্থ লোকৰ পৰা আতৰত যৌৱনৰ ভাব বিনিময় কৰিবলৈয়ো দিনৰ কাম বনৰ অন্তত সমজুৱাকৈ এই বিহু মাৰিছিল বুলিও ভবা হয়৷ৰাতি বিহু ডেকা-গাভৰুৱে ঠিক কৰি লোৱা কিছুমান নীতি-নিয়মৰ মাজেৰে মৰা হয়৷ ডেকা বৰা আৰু গাভৰু বৰাৰ পৰিচালনা আৰু নেতৃত্বত তেওঁলোকে ওচৰা-ওচৰিকৈ ডেকা আৰু গাভৰুৰ দুটা সুকীয়া দলত ভাগ হৈ সমান্তৰালকৈ বিহু মাৰে৷ দুয়োটা দলৰ মাজত এডাল সীমাৰেখা থাকে আৰু কোনো এটা দলকে এই সীমা অতিক্ৰম কৰিবলৈ নিদিয়ে৷ ডেকা- গাভৰুৰ মাজত বিহু গীতেৰে ভাবৰ বিনিময় হয়৷ মনৰ ভাবৰ কটাকটিৰ মাজৰে যোৰানাম, জাতনাম আদিৰ সৃষ্টি হ’ল৷